মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

আমি কি কৰো

  • ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে (এতিয়াখাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ) এফ.এছ.বি ১৮/০২/১৯৯৪ তাৰিখৰ চিঠি নম্বৰ ৬/৮৭/২৬৯ মতে :

    কৰ্ম/জিলাত কৰ্মৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা পৰিদৰ্শক বিষয়ক নিৰীক্ষণৰ দ্বাৰা নিৰিক্ষণ সূচী

    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক পৰিদৰ্শক নিৰ্ধাৰণ কৰি দিয়া ক্ষেত্ৰৰ ভিতৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক উপ-পৰিদৰ্শক সকলো কৰ্মৰ বাবে তেওঁ দায়বদ্ধ হব। তাৰোপৰি, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক পৰিদৰ্শক সৈতে সংযুক্ত হৈ থকা এটা বা তাতোকৈ বেছি উপ নিৰিক্ষকক তদাৰক কৰাৰ বাবেও তেওঁ দায়বদ্ধ।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক পৰিদৰ্শক তেওঁৰ কৰ্মক্ষেত্ৰৰ ভিতৰত হোৱা কাম কাজৰ বাবে দায়বদ্ধ হব যিবোৰ আইনগত ভাবে অথবা নিয়ম অনুযায়ী খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক উপ-পৰিদৰ্শকৰ ক্ষমতাৰ ভিতৰত।
    • পৰীক্ষমূলকভাবে নিৰ্ধাৰিত ঠাইৰ ভিতৰত ২০% গাওঁ পঞ্চায়ত সমবায় সমিতি থকা ঠাইৰ এজেন্টক/সুলভ মূল্যৰ দোকানত পৰিদৰ্শক কৰে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা বিষয়ক পৰিদৰ্শকক তেওঁৰ কৰ্মক্ষেত্ৰৰ গাওঁ পঞ্চায়ত সমবায় সমিতি থকা ঠাইত মাহত এবাৰকৈ যাব আৰু আৱন্টন, সংগ্ৰহ আৰু বিতৰণৰ ক্ষেত্ৰত খতিয়ান দাখিল কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শকে এখন ক্ষেত্ৰৰ পৰিদৰ্শন আৰু নিৰ্ধাৰিত প্ৰপত্ৰত সাপ্তাহিকভাবে খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক উপ-সঞ্চালকক দাখিল কৰা হয়। একেধৰণে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক সঞ্চালকলৈকো প্ৰপত্ৰ পঠিয়াই দিয়া হয়।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক এখন ক্ষেত্ৰৰ পৰিদৰ্শন যাতে বিভিন্ন নীতি নিয়মৰ আওঁতাত কোনোৱে নিয়ম অমান্য কৰিব নোৱাৰে আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক সুৰক্ষা উপ-সঞ্চালককৰ স্বাক্ষৰ সম্বলিত ভাবে সামগ্ৰীৰ ওপৰত থকা নীতি-নিয়ম, বিক্ৰী/ক্ৰয়/জমা আদিৰ নিয়মীয়াকৰণ তদাৰক কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক এটা পষেকত এবাৰকৈ আমাৰ দোকানৰ তদাৰক কৰিব আৰু বজাৰ মূল্য/সৰ্বোচ্চ মূল্য আৰু গ্ৰহকৰ পৰা সংগ্ৰহ কৰা প্ৰকৃত সুলভ মূল্য সহ চাইনবোৰ্ড আঁৰি থোৱা বিষয়টো সুনিশ্চিত কৰিব।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক সময়ে সময়ে পৰিয়াল পৰিচয় পত্ৰ সমূহ পৰীক্ষণ কৰিব লাগে যাতে যোগ্যতাৰ ভিত্তিত অযো্গ্য আৰু অপ্ৰয়োজনীয়জনক আঁতৰ কৰিব পৰা যায় আৰু প্ৰতি মাহৰ ৫ তাৰিখৰ ভিতৰত মাহেকীয়া খতিয়ান দাখিল কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক চৰকাৰৰ নিৰ্দেশাৱলী অনুযায়ী সুলভ মূল্যৰ দোকানবোৰৰ মাজত সতৰ্কতা আৰু তদাৰকীকৰণ কমিতিৰ একোখন সভাৰ আয়োজন কৰিব লাগে আৰু সভাৰ সবিশেষ কাৰ্যালয়ত দাখিল কৰিব।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক এজেন্ট ভিত্তিক PDS সামগ্ৰীৰ উপ আৱন্টন নিজৰ ক্ষেত্ৰৰ ভিতৰত GPSS/WCCS পৰ্যায়ত পৰীক্ষণ কৰিব আৰু ইয়াৰ নথি কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শকে নিজৰ ক্ষেত্ৰৰ ভিতৰত POL ডিপুৰ পৰা পোৱা মটৰ স্পিৰিট আৰু ডিজেল সময়ে সময়ে পৰীক্ষামূলক নথি ৰসায়নিক বিশ্লেষণৰ বাবে সংগ্ৰহ কৰিব লাগে আৰু ডিজেল লগত নহয় সুনিশ্চিত কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক তেওঁৰ কৰ্মক্ষেত্ৰৰ সীমাৰ ভিতৰত নীলা কেৰাচিন আৰু ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যেন কলা বজাৰৰ বাবে যাতে বিক্ৰী নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
     

    কৰ্ম/জিলাত কৰ্মৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক দ্বাৰা নিৰীক্ষণ সূচী

    • ৫০% সুলভ মূল্যৰ দোকানৰ নিৰীক্ষণৰ বাবে মাহত এবাৰকৈ তেওঁক নিৰ্দিষ্ট একোখন ঠাইত নিৰ্ধাৰণ কৰি দিয়া হয়, গাৱলীয়া ঠাইত উপ-পৰিদৰ্শক তেওঁৰ নিজ ক্ষেত্ৰৰ এক তৃতীয়াংশ গাওঁ পঞ্চায়ত সমবায় সমিতি থকা ঠাইৰ এজেন্টক মাহত এবাৰকৈ তেওঁলোকৰ ।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক এখন ক্ষেত্ৰভিত্তিত বিৱৰণ আৰু নিৰ্ধাৰিত ধৰণত সাপ্তাহিকভাবে খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক উপ-সঞ্চালকক দাখিল কৰিব। একেধৰণে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক সঞ্চালকলৈকো সে্ইখন পঠিয়াই দিয়া হয়।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক সময়ে সময়ে পৰিয়াল পৰিচয় পত্ৰ সমূহ পৰীক্ষণ কৰিব যাতে যোগ্যতাৰ ভিত্তিত অযো্গ্য আৰু অপ্ৰয়োজনীয়জনক আঁতৰ কৰিব পৰা যায় আৰু প্ৰতি মাহৰ ৫ তাৰিখৰ ভিতৰত মাহেকীয়া খতিয়ান দাখিল কৰিব।পৰিদৰ্শক/ উপ-পৰিদৰ্শকৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হ’ল হিতাধিকাৰীসমূহে নিৰ্দিষ্ট ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনষ্ট আৰু সুলভমূল্যৰ সামগ্ৰীসমূহ পোৱাটো |
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক চৰকাৰৰ নিৰ্দেশাৱলী অনুযায়ী সুলভ মূল্যৰ দোকানবোৰৰ মাজত সতৰ্কতা আৰু তদাৰকীকৰণ কমিতিৰ একোখন সভাৰ আয়োজন কৰিব লাগে আৰু সভাৰ সবিশেষ কাৰ্যালয়ত দাখিল কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক নিজে শাৰীৰিক ভাবে সময়ে সময়ে আহি থকা আৱন্টনৰ ক্ষেত্ৰত সামগ্ৰীসমূহ GPSS/WCCS পৰ্যায়ত পৰীক্ষণক কৰিব লাগে।
    • খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক বিষয়ক পৰিদৰ্শক/ উপ-পৰিদৰ্শক তেওঁৰ কৰ্মক্ষেত্ৰৰ সীমাৰ ভিতৰত নীলা কেৰাচিন আৰু ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ষেত্ৰত হৈ থকা কলা বজাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
     

    পৰিদৰ্শক আৰু উপ-পৰিদৰ্শক কৰ্মদক্ষতাৰ মূল্যায়ন কেৱল নিয়মীত প্ৰশাসনীয় ব্যৱস্থাতে নহয়, মানসম্পন্ন আইনসঙ্গত হব লাগে যাতে যিকোনো ক্ষেত্ৰতে কোনোবা দোষী সাব্যস্ত হলে তেওঁলোকৰ প্ৰতি আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।