মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

আমাৰ দোকান

  • এই আঁচনিখন ২৪ ডিচেম্বৰ ২০১০ চনত (ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস) ৰবিন্দ্ৰ ভৱনত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীৰ দ্বাৰা উদঘাটন কৰা হয়। এই আঁচনিখনে নিজৰ পৰিচিত নাম আৰু চিহ্ন আমাৰ দোকান আৰু জাগা গ্ৰাহক জাগাৰ দ্বাৰা ২৩ বিধ সামগ্ৰী (আয়ডিনযুক্ত নিমখকে ধৰি) অত্যাৱশ্যকীয় অনা পি.ডি.এছ আৰু এম.আৰ.পি থকা খাদ্য সামগ্ৰী সুলভ মূল্যৰ দোকানৰ সহায়ত সমগ্ৰ ৰাজ্যতে পৰিয়াল পৰিচয় পত্ৰ থকা সকলো শ্ৰেণীৰ সাধাৰণ লোকক যোগান ধৰি আহিছে । ৫৬২৩ খন নিৰ্বাচিত আমাৰ দোকানে ৰাজ্যখনত কাৰ্যকৰী হৈ আছে। ২০১৪-১৫ বিত্তীয় বৰ্ষত সৰ্বমুঠ ৫০০ লাখ টকা দুটা মূল উদ্দেশ্য - আন্তঃগাঠনি উন্নিতকৰণ আৰু উন্নত সেৱা আগবঢ়োৱা আগত ৰাখি অসমৰ মুঠ ৭৫৫ খন আমাৰ দোকানলৈ প্ৰতিখনৰ বাবদ ৬৬,২২৫ টকাকৈ যোগান ধৰা হৈছে ।মুঠ ৫০০ লাখ টকা বিত্তীয় সহযোগীতা হিচাপে আন ৭৫৫ খন দোকানলৈ ২০১৫-১৬ বিত্তীয় বৰ্ষতো ধাৰ্য কৰা হৈছে। আমাৰ দোকান এটা অসমীয়া শব্দৰ সৈতে নামাংকৃত কৰা দোকান য’ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিনত ৰাইজক উচিত মূল্যত ৰেচন কাৰ্ডৰ সহায়ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হয় আৰু লগতে ৰাজ্য চৰকাৰৰ একান্ত প্ৰচেষ্টাত বিতৰণ ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ সুবিদাৰ্থে আন কেতবোৰ যেনে খাদ্য আদি গ্ৰাহকৰ প্ৰয়োজনীয় সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰা হয় । ২০১১ চনৰ পৰা ৰাজ্যৰ প্ৰায়বোৰ জিলাতে এই সুলভ মূল্যৰ দোকানৰ দ্বাৰা এই বিতৰণ ব্যৱস্থা কাৰ্যকৰী কৰি অহা হৈছে।ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত সাধাৰণ মানুহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বজাৰৰ তুলনাত অত্যন্ত কম মূল্যৰ বিনিময়ত চাহিদা পূৰণ কৰা হয়। পিয়াজ, আলু, সৰিয়হ তেল,ৰিফাইন তেল, চয়া তেল, দাইল, আটা, চুজি, ময়দা, চাবোন,গাখীৰ,টুথপেষ্ট,টুথব্ৰাছ,চুলিত ঘহা তেল আদিকে ধৰি প্ৰায় একৈশবিধ সামগ্ৰীৰ অতি কম কম মূল্যত আমাৰ দোকানত ৰখা হয়।