মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা আইন'১৩ (NFSA' 13)

  • ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা আইন, ২০১৩ অসমত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰা হৈছেআৰু NFSA'13 অধিনত, ৰাজ্যৰ ৮৪.১৭% গাওঁৰ আৰু ৬০.৩৫% চহৰৰ মানুহক ( ২০১১ চনৰ লোকপিয়ল অনুসৰি ) সামৰি লোৱা হৈছে যাক অধিক ৰেহাই মূল্যত ৩ টকা প্ৰতি কেজি কৈ চাউল দিয়া হব ।NFSA'13 ৰ অধিনত ৰাজ্যত মুঠ ২.৫২ কোটি লোক উপকৃত হৈছে । NFSA'13ৰ অধীনত উপভুক্তাসমূহৰ দুটা ভাগ হল –

    • AAYউপভুক্তাসকলক প্ৰতি পৰিয়ালত ৩টকা কেজি কৈ ৩৫ কেজি চাউল দিয়া হব।
    • অগ্ৰাধিকাৰ দিয়া উপভুক্তাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবদ ৫কেজি চাউল ৩ টকা মূল্যত দিয়া হব। (ৰাজ্যিক ৰেহাই ১টকা/কেজি কৰাৰ পিছত ২টকা/কেজি কৈ প্ৰদান কৰা হব।)
     

    ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ২০০১ চনৰ নৱেম্বৰ মাহৰ পৰা এই অন্ত্যোদয়া অন্ন আঁচনিখন ৰূপায়ন হৈ আহিছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী ৰাজ্যত ৭.০৪লাখ AAYহিতাধিকাৰী আছে আৰু AAYপৰিয়ালবোৰ NFSA'13 অধিনত বাচনি কৰা হব আৰু অধিক ৰেহাইত প্ৰতিটো পৰিয়ালকে প্ৰতি মাহে ৩টকা কেজি কৈ প্ৰদান কৰা হব ( ৰাজ্যিক ৰেহাই ১টকা /কেজি কৰাৰ পিছত ২টকা/কেজি কৈ প্ৰদান কৰা হব)।

    পৰিৱহণ আৰু যোগাযোগৰ খৰচ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে বহণ কৰিব।