মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ৰেচন কাৰ্ড

  • ৰেচন কাৰ্ড হৈছে চৰকাৰৰ প্ৰদত্ত নথি যি পি.ডি.এচৰ আওঁতাত লাভান্বিত হবৰ বাবে দিয়া হৈছিল। NFSA '১৩ প্ৰযোগ কৰাৰ আগতে ৰাজ্যত তিনি ধৰণৰ ৰেচন কাৰ্ড আছিল, যাক অসমত পৰিয়াল পৰিচয় পত্ৰ বুলি কোৱা হৈছিল। এই তিনিধৰণৰ ৰেচন কাৰ্ড দিয়া হ'ল-

    ১) এ.পি.এল (দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ)
    ২) বি.পি.এল (দৰিদ্ৰ সীমাৰেখাৰ তলৰ)
    ৩) এ.এ.ৱাই (অন্তদয়া অন্ন যোজনা) PDS/TPDS ৰ অন্তৰ্গত হিতাধিকাৰী

    ইয়াৰ ওপৰিও আৰু একধৰণৰ ৰেচন কাৰ্ড ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল যাক কোৱা হৈছিল এম.এম.এ.এছ.ৱাই ( মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা) কাৰ্ড।

    NFSA '১৩ প্ৰযোগ কৰাৰ লগে লগে ৰাজ্যত NFSA '১৩ আওঁতাত মাত্ৰ দুই ধৰণৰ ৰেচন কাৰ্ডহে উপলব্ধ হয়-

    ১) NFSA '১৩ ৰ অন্তৰ্গত এ.এ.ৱাই
    ২) NFSA '১৩ ৰ অন্তৰ্গত পৰিয়াল অগ্ৰাধিকাৰ পৰিয়াল কাৰ্ড

    কোনজন ব্যক্তি অসমত ৰেচন কাৰ্ড আবেদনৰ বাবে যোগ্য হব ?

    ১) সেইজন ব্যক্তি যাৰ ৰেচন কাৰ্ড নাইঃ পৰিয়ালৰ জ্যেষ্ঠ মহিলা যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ১,০০০,০০.০০ ( এক লাখ) টকাতকৈ কম তেওঁ NFSA '১৩ৰ অধীনত ৰেচন কাৰ্ড পাব পাৰে যদিহে তেওঁ NFSA '১৩ য়ে নিৰ্ধাৰণ কৰি থোৱা সকলোধৰণৰ যোগ্যতাৰ ক্ষেত্ৰত সফল হয়। জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিতিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰে। এই ক্ষেত্ৰত ব্যক্তিজনে গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰ / FCS&CA ৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। এই ধৰণৰ প্ৰমাণ পত্ৰ সাধাৰণতে কৰ্তৃপক্ষই শপতনামা হোৱাৰ পিছতহে গ্ৰহণ কৰা হয়। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়। ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড, (পৰিয়ালৰ পৰিচয় পত্ৰ পাবলৈ গ্ৰামাঞ্চলত গাওঁ সভা পাতি হিতাধিকাৰী চিনাক্ত কৰি জ্যেষ্ঠ খন্ডৰ উন্নয়ন বিষয়ালৈ পঠোৱা হয় আৰু চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কমিটিয়ে হিতাধিকাৰী বাচনি কৰি উপযুক্ত মহকুমাধিপতিলৈ প্ৰেৰণ কৰে আৰু এই হিতাধিকাৰীৰ তালিকা চৰকাৰলৈ প্ৰেৰণ কৰা হয়|)

    ২) অনুৰূপ ৰেচন কাৰ্ডঃ যদি ৰেচন কাৰ্ড হেৰায় বা বেয়া হৈ যায়, কৰ্তৃপক্ষই নিৰ্ধাৰিত মূল্যৰ বিনিময়ত অনুৰূপ ৰেচন কাৰ্ড প্ৰদান কৰে।

    ৩) পূৰ্বৰ ঠাইত থকা ব্যক্তিৰ ৰেচন কাৰ্ডঃ এইটো গ্ৰহণযোগ্য হয় চৰকাৰী বিষয়া নাইবা এঠাইৰ পৰা আন ঠাইলৈ বদলি হোৱা ব্যক্তিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত, সমৰ্পণ পত্ৰ প্ৰয়োজন হব সেই ঠাইৰ FCS&CA কৰ্তৃপক্ষৰ যত ব্যক্তিজনে পূৰ্বতে কাম কৰিছিল। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়

    ৪) বিবাহৰ পিছত ৰেচন কাৰ্ডত অন্তৰ্ভূক্তিঃ এই ক্ষেত্ৰত সমৰ্পণ পত্ৰ প্ৰয়োজন হব পূৰ্বৰ বাসস্থানৰ পৰা যিটো FCS&CA কৰ্তৃপক্ষই প্ৰদান কৰিব। এই প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড আবেদন প্ৰ পত্ৰৰ সৈতে গাঁঠি দিয়া হয়

    ৫) শিশুৰ জন্মৰ ক্ষেত্ৰতঃ ৰেচন কাৰ্ডত অতিৰিক্তভাবে, শিশুৰ জন্ম প্ৰমাণ পত্ৰ ৰেচন কাৰ্ডৰ সৈতে অতিৰিক্তভাবে প্ৰয়োজন হব যাৰ বাবে FCS&CA লৈ স্পষ্ট আখৰেৰে নাইবা টাইপ কৰি আবেদন দাখিল কৰিব লাগিব।

    ৰেচন কাৰ্ড ক'ত আবেদন কৰিব?

    জিলা নাইবা মহকুমা পৰ্যায়ৰ FCS&CA কৰ্তৃপক্ষলৈ ৰেচন কাৰ্ড পাবৰ বাবে আবেদন কৰিব লাগিব।

    ৰেচন কাৰ্ড পাবৰ বাবে প্ৰয়োজনীয় নথিঃ

    • পৰিয়ালৰ সদস্যৰ সবিশেষ
    • ১০ বছৰৰ তলৰ লৰা ছোৱালীৰ জন্মৰ প্ৰমাণ পত্ৰ
    • ভোটাৰ তালিকা
    • কৰ আদায়ৰ প্ৰ-পত্ৰ / ৰাজহ আদায়ৰ চালান
    • ৰেচন কাৰ্ডৰ চাৰেন্দাৰ প্ৰমাণ পত্ৰ / পৰিয়াল পৰিচয় বা FCS&CA কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ ঠাইত নথকা ৰ প্ৰ-পত্ৰ
    • স্থায়ী ঠিকনা ( পান কাৰ্ডৰ প্ৰত্যায়িত প্ৰতিলিপি এটাস্তেড / চালকৰ অনুজ্ঞা-পত্ৰ/ বেংক পাছবুক/ পোষ্ট অফিচ পাছ বুক/ মিউনিচিপাল চালান/ লাইটৰ বিল/ টেলিফোন বিল)
     

    অনুৰূপ ৰেচন কাৰ্ডৰ বাবে প্ৰয়োজনীয় নথি

    • স্ব- ঘোষনা
    • পুলিচ ৰিপৰ্ট
     

    পৃথক ৰেচন কাৰ্ডৰ বাবে

    • প্ৰকৃত চাৰেন্দাৰ প্ৰ-পত্ৰ
    • প্ৰকৃত অভিভাৱকীয় ৰেচন কাৰ্ড
    • স্ব-ঘোষণা
    • গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰ ৰ পৰা পোৱা প্ৰ-পত্ৰ
    • অভিভাৱকীয় ৰেচন কাৰ্ড থকা পৰিয়ালৰ গুৰিয়ালৰ পৰা পোৱা আপত্তি নথকাৰ প্ৰ-পত্ৰ
    • জন্মৰ প্ৰমাণ পত্ৰ ( জন্মৰ প্ৰমাণ পত্ৰ/ দশম শ্ৰেণী উত্তিৰ্ণ প্ৰমাণ পত্ৰ/অন্যান্য)
    • স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
    • ফটো পৰিচয় পত্ৰ/ নিৰ্বাচন পত্ৰ/পান/চালকৰ অনুজ্ঞা পত্ৰ/পাছপোৰ্ট
     

    অন্তৰ্ভূক্তি/ ডিলিচন/চাৰেন্দাৰৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰ

    • প্ৰকৃত ৰেচন কাৰ্ড
    • স্থানীয় প্ৰমাণ পত্ৰ / নিৰ্বাচন পত্ৰ/পান/চালকৰ প্ৰমাণ পত্ৰ/পাছপোৰ্ট
    • জন্মৰ প্ৰমাণ পত্ৰ (জন্মৰ প্ৰমাণ পত্ৰ/ দশম শ্ৰেণী উত্তিৰ্ণ প্ৰমাণ পত্ৰ/অন্যান্য)
    • প্ৰকৃত চাৰেন্দাৰ প্ৰ-পত্ৰ (অন্তৰ্ভূক্তিৰ বাবে)
    • মৃত্যুৰ প্ৰমাণ পত্ৰ (মৃত ব্যক্তি থাকিলে)
     

    পৰিয়ালৰ মূল ব্যক্তিৰ সলনিৰ ক্ষেত্ৰত

    • প্ৰকৃত ৰেচন কাৰ্ড
    • মৃত্যুৰ প্ৰমাণ পত্ৰ (মূল ব্যক্তিজনৰ মৃত্যু হলে)
    • আপত্তি নোহোৱাৰ প্ৰমাণ পত্ৰ
     

    শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনিৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰ-পত্ৰ

    • প্ৰকৃত ৰেচন কাৰ্ড
    • জন্মৰ প্ৰমাণ পত্ৰ (জন্মৰ প্ৰমাণ পত্ৰ/ দশম শ্ৰেণী উত্তিৰ্ণ প্ৰমাণ পত্ৰ/অন্যান্য)
     

    ঘৰৰ ঠিকনা সলনি/ FPS ৰ সলনিৰ ক্ষেত্ৰত

    • প্ৰকৃত ৰেচন কাৰ্ড
    • ফটো পৰিচয় পত্ৰ/ নিৰ্বাচন পত্ৰ/পান/চালকৰ প্ৰমাণ পত্ৰ/পাছপোৰ্ট
     

    কাৰ্ডৰ গৰাকীৰ কৰ্মঃ

    • ৰেচন কাৰ্ডখন নিৰাপদে ৰাখিব লাগে আৰু এই ৰেচন কাৰ্ড আন কোনো ব্যক্তিক হস্তান্তৰ কৰিব নালাগে।
    • ৰেচন লাভ কৰাৰ সময়ত কাৰ্ডৰ গৰাকীয়ে সামগ্ৰীৰ মানদণ্ড আৰু সামগ্ৰীৰ পৰিমাণ ভালকৈ চাই লব লাগে আৰু ৰেচন কাৰ্ডত উচিত সামগ্ৰীৰ পৰিমাণ আৰু মূল্যসহ সামগ্ৰীৰ দৰ লিখা কেচ মেমো লব লাগে।
    • ৰেচন কাৰ্ডখন হেৰালে/ বেয়া হলে/সলনি কৰিব লগা হলে/অন্তৰ্ভূক্তি নাইবা ডিলিচনৰ ক্ষেত্ৰত কাৰ্ডৰ গৰাকীয়ে ততাতৈয়াকৈ নিজৰ বিভাগীয় ক্ষেত্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগে। কাৰ্ডৰ গৰাকীয়ে কোনো ধৰণৰ লিখা মেলা কাৰ্ডৰ ওপৰত কৰিব নালাগে।
    • কোনোবা সদস্যৰ মৃত্যু হ'লে নাইবা ৰাজ্যৰ বাহিৰলৈ গুচি গলে তেওঁৰ নাম কৰ্তন কৰি ৰেচন কাৰ্ডৰ পৰা নোহোৱা হব লাগে।