মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ভ্ৰাম্যমান আমাৰ দোকান

  • অৱলোকনঃ

    অসম চৰকাৰে সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে "ভ্ৰাম্যমান আমাৰ দোকান" নামেৰে এখন দোকান আৰম্ভ কৰিছে। ই ৰাজ্যখনৰ বহুতো নিবনুৱা যুৱকক সংস্থাপন দিবলৈ সক্ষম হব। এইটো দেখা যায় যে প্ৰকাৰ ভেদে মূল্য ভিন্ন হয় আৰু পাইকাৰী আৰু খুচৰা বিক্ৰেটাসকলে ৰাইজক ঠগিবলৈ চেষ্টা কৰে, ফলত সাধাৰণ ৰাইজে অধিক মূল্যত সামগ্ৰী ক্ৰয় কৰিব লগা হয়। অসম চৰকাৰৰ সাধাৰণ ৰাইজে যাতে উচিত মূল্যত প্ৰয়োজনীয় সামগ্ৰীসমূহক গ্ৰাহকক যোগান ধৰিব পাৰে সেই বিষয়টোক অগ্ৰাধিকাৰ দিছে।অসম চৰকাৰে গোটেই ৰাজ্যত ১০০০ খন আমাৰ দোকান খোলাৰ সিদ্ধান্ত লৈছে।প্ৰতিখন নিৰ্বাচিতভ্ৰাম্যমানআমাৰদোকানৰ বাবে ৫০,০০০ কৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব যাৰ তলত উল্লেখ কৰা সামগ্ৰী সমূহ কম মূল্যত গ্ৰাহকক যোগান ধৰিব।

    • চাউল
    • অতি উন্নত মানৰ চাউল
    • চেনী
    • গুৰ
    • মচুৰ দাইল
    • মগু দাইল
    • আয়ডিযুক্ত নিমখৰ পেকেট (টাটা, নিৰ্মা, কেপ্তেইন কুক আদি)
    • আয়ডিনযুক্ত খোলা নিমখ
    • বিস্কুট আৰু কনফেকচনাৰী
    • আটাৰ পেকেট
    • পেকেট ময়দা
    • পেকেট চুজি
    • টুথপেষ্ট
    • গা ধোৱা আৰু কাপোৰ ধোৱা চাবোন
    • চাহৰ পেকেট (টাটা, গোলাঘাট, নামেৰী আদি)
    • মচলা ( এম.ডি.এইচ, চনা আদি/এগমাৰ্গ/এফ.পি.অ সামগ্ৰী)
    • ঘি পেকেট
    • মাখনৰ পেকেট
    • কাবুলি বুট
    • মগু মাহ
    • আলু
    • পিয়াজ
    • খোৱা তেল ( সৰিয়হ তেল, চয়া, ডালদা, পাচলি, ৰিফাইন)
     

    যোগ্যতাঃ

    • ইচ্ছুক প্ৰাৰ্থীৰ পৰা জিলা উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে নিৰ্ধাৰিত ধৰণে আবেদন পত্ৰ বিচাৰিব।
    • আমাৰ দোকানৰ লাইচেঞ্চ পাবৰ বাবে প্ৰাৰ্থীসকল শিক্ষিত নিবনুৱা হোৱাতো প্ৰয়োজনীয়।
    • প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হব লাগিব।
    • প্ৰাৰ্থী ১৮ বছৰ বা তাতোতকৈ বেছি হব লাগিব।
    • প্ৰাৰ্থীৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হব লাগিব।
    • প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হব লাগিব।
    • ইচ্ছুক প্ৰাৰ্থীৰ পৰা জিলা উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে নিৰ্ধাৰিত ধৰণে আবেদন পত্ৰ বিচাৰিব আৰু তলত উল্লেখ কৰা তথ্য সমূহৰ সহায়ত মেধাৰ ভিত্তিত নিৰ্বাচন কৰিব-

      ক) শিক্ষাৰ প্ৰামাণ পত্ৰ

      খ) পূৰ্বৰ অভিজ্ঞতা, যদি আছে

      গ) আৰ্থিক অৱস্থা

    • তলত উল্লেখ কৰা আন তিনিজন বিষয়ববীয়াৰ সৈতে জিলা উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীৰ অধ্যক্ষতাত নিৰ্বাচন কমিটি গঠন কৰা হব।

      ক) যোগান বিভাগৰ উপ-সঞ্চালক/সহকাৰী সঞ্চালক হব কাৰ্যকৰী সদস্য

      খ) জিলাৰ মুখ্য বেংকৰ বিষয়া

      গ) নিজ নিজ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া

    • নিৰ্বাচন কমিতিয়ে ভ্ৰাম্যমান আমাৰ দোকানৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিব।
    • উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু কমিটিৰ অধ্যক্ষৰ দ্বাৰা নিৰ্বাচন কৰা হিতাধিকাৰীৰ তালিকা FCS&CA, অসমৰ সঞ্চালকৰ সহযোগত চৰকাৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব।
    • চৰকাৰী অনুদানৰ অনুমোদন পোৱাৰ পিছত হিতাধিকাৰীৰ বাবে ইয়াক উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী মুকলি কৰি দিয়া হব।
    • অনুদান মুকলি কৰি দিয়াৰ আগতে উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু হিতাধিকাৰীৰ মাজত এখন চুক্তি স্বাক্ষৰিত হব। চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতে হিতাধিকাৰী ঋণৰ বাবে বেংকলৈ যাব আৰু উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীৰ দ্বাৰা সেই ঋণ প্ৰদান কৰা হব।
     

    হিতাধিকাৰীৰ দায়িত্বঃ

    • হিতাধিকাৰীয়ে আন আন সামগ্ৰীৰ ওপৰিও ভ্ৰাম্যমান আমাৰ দোকানৰ বাবে বিভাগৰ ফালৰ পৰা দিয়া পন্য সামগ্ৰী সমূহো নিজে ৰাখিব ।
    • ভ্ৰাম্যমান আমাৰ দোকানৰ নিৰ্বাচিত হিতাধিকাৰীয়ে গ্ৰাহকৰ পৰা প্ৰতি কেজি বা প্ৰতি লিটাৰ সামগ্ৰীৰ বাবদ ২ টকাৰ পৰা ৩ টকালৈকে লাভ ৰাখিব পাৰিব।
    • নিৰ্বাচিত হিতাধিকাৰীয়ে FCS&CA, অসমৰ সঞ্চালক আৰু উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী আদেশ অনুযায়ী কাম কৰিব লাগিব। কোনো ধৰণৰ গাফিলতি বা অনিয়ম দেখা পালে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব আৰু তেওঁলোকে তেওঁলোকৰ আৰ্থিক অনুদান সুতসহ কৰ্তৃপক্ষক ঘুৰাই দিব লাগিব।
    • হিতাধিকাৰীয়ে তেওঁলোকৰ দোকানসমূহ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া সময়সূচী মতে পৰিচালন কৰিব লাগিব। এই ক্ষেত্ৰত কিবা আসোঁৱাহ পৰিলক্ষিত হলে সেই হিতাধিকাৰীৰ লাইচেঞ্চ বাতিল কৰা হব।
    • প্ৰতিজন হিতাধিকাৰীৰ বাবে তেওঁলোকৰ দোকানৰ কৰ্ম সম্পাদন কৰা ঠাই কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিব।
    • প্ৰতিজন হিতাধিকাৰীয়ে তেওঁলোকৰ ভ্ৰাম্যমান আমাৰ দোকানত সামগ্ৰী বিতৰণ কৰাৰ সময়ত প্ৰতিবিধ সামগ্ৰীৰ মূল্য এখন বোৰ্ডত সকলোৱে দেখাকৈ আঁৰি থব লাগিব।
    • ভ্ৰাম্যমান আমাৰ দোকানৰ হিতাধিকাৰী সকলে নিজ নিজ উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নিৰ্দেশ মৰ্মে নিৰ্বাচিত পাইকাৰীৰ পৰাহে সামগ্ৰীসমূহ গ্ৰহণ কৰিব পাৰিব।
    • হিতাধিকাৰীয়ে তেওঁলোকৰ দোকানসমূহ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া সময়সূচী মতে পৰিচালন কৰিব লাগিব। এই ক্ষেত্ৰত কিবা আসোঁৱাহ পৰিলক্ষিত হলে সেই হিতাধিকাৰীৰ লাইচেঞ্চ বাতিল কৰা হব।
    • প্ৰতিখন ভ্ৰাম্যমান আমাৰ দোকানে জমা থকা সামগ্ৰী আৰু বিতৰণ কৰা সামগ্ৰীৰ বাবে বেলেগ বেলেগ ৰেজিষ্টাৰ ৰাখিব লাগিব যাতে পৰিদৰ্শকক দেখুৱাব পাৰে।
     

    ৰুপায়ন কৰ্তৃপক্ষৰ দায়িত্বঃ

    • জিলা কৰ্তৃপক্ষই প্ৰতি সোমবাৰে এখন সভাৰ আয়োজন কৰিব যত পাইকাৰী বিক্ৰেতা সমূহক বাচনি কৰা হব যাৰ পৰা হিতাধিকাৰীয়ে প্ৰয়োজনীয় সামগ্ৰীসমূহ লাভ কৰিব।
    • উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৰি দিয়া মূল্যতহে পাইকাৰী বিক্ৰেতাসকলে অত্যৱশ্যকীয় সামগ্ৰী সমূহ বিক্ৰী কৰিব পাৰিব।
    • ভ্ৰাম্যমান আমাৰ দোকানৰ গৰাকীয়ে নিৰ্বাচিত পাইকাৰীৰ পৰা সামগ্ৰী গ্ৰহণ কৰিবলৈ অমান্তি হব নোৱাৰিব।
    • FCS&CAৰ ক্ষেত্ৰ বিষয়াই ভ্ৰাম্যমান আমাৰ দোকানৰ তদাৰক কৰিব আৰু প্ৰতি সোমবাৰে জিলা কৰ্তৃপক্ষ/মহকুমা কৰ্তৃপক্ষ/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীক খতিয়ান দাখিল কৰিব।
    • উপায়ুক্ত/মহকুমা বিষয়া/সকলো স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে ভ্ৰাম্যমান আমাৰ দোকানৰ নিৰ্বাচনৰ ক্ষেত্ৰত ঠাই ভেদে কৰ্মৰ সাল সলনি কৰিব পাৰিব।