মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

উজ্জলা আঁচনি

প্ৰধানমন্ত্ৰী উজ্জলা আঁচনি এখন আঁচনি যিখন ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ২০১৬ চনৰ ১ এপ্ৰিলত উন্মোচন কৰা হৈছে যাৰ লক্ষ্য হৈছে অইল মাৰ্কটিং কোম্পানী যেনে IOCL, BPCL আৰু HPCL ৰ সহায়ত বি পি এলৰ অধীনত থকা পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া এল পি জি সংযোগ প্ৰদান কৰি তেওঁলোকৰ ইন্ধনৰ নিৰাপত্তা সুনিশ্চিত কৰা। এই আঁচনিয়ে তিনি বছৰৰ ভিতৰত দেশৰ ৫ কোটি পৰিয়ালক সামৰি লব। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ দ্বাৰা এই আঁচনিৰ নিয়মাৱলী প্ৰস্তুত কৰা হৈছে। বি.পি.এল পৰিয়াল বাছি উলিয়াবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে এই পৰিয়ালসমূহ হব সেইসকল যিসকল ২০১১ চনৰ আৰ্থ-সামাজিক জাতিগত লোকপ্ৰিয়ল মতে অতি কমেও কিবা প্ৰকাৰে সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

তদুপৰি, যেতিয়া হিতাধিকাৰী নিৰ্বাচন কৰা হয়, অনুসুচীত জাতি/জনজাতি আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক অগ্ৰাধিকাৰ দিয়া হয়।সেইসমূহ ৰাজ্যক অগ্ৰাধিকাৰ দিয়া হয় যাৰ এল পি জি সংযোগ তুলনামূলকভাৱে ২০১৬ চনৰ ১ জানুৱাৰীলৈকে কম হৈ আছে। অসমৰ ক্ষেত্ৰত আধাৰল কাৰ্ড অনুপস্থিত ভাৰত চৰকাৰে জন ধন আঁচনিৰ একাউন্টসমূহকে স্থায়ী বাসিন্দাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰিবলৈ মান্তি হৈছে।

বিনামূলীয়া এল পি জি সংযোগ দুটা ভাগত বিভক্ত।ক ভাগত (উপকৰণৰ সুৰক্ষা জমা (১৪.২ কেজি চিলিণ্ডাৰ আৰু পি.আৰ), সুৰক্ষা নলী, DGCC কিতাপ, সংস্থাপন আৰু প্ৰশাসনীয় মূল্য যেনে ১৬০০ টকা) সম্পূৰ্ণকৈ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব।

খ ভাগত-(৯৯০ টকা মূল্যৰ গেছ ষ্টোভ) ৰাজ্য চৰকাৰে বহন কৰিব।

জিলা প্ৰশাসনৰ সহযোগত অইল মাৰ্কেটিং কোম্পানী IOCL, BPCL আৰু HPCL কৰ্তৃপক্ষ্যই হিতাধিকাৰী নিৰ্বাচন কৰিব। অসমত, মুখ্যমন্ত্ৰীৰ দ্বাৰা ১৩ মে' ২০১৭ চনত ডিব্ৰুগড় জিলাত এই আঁচনিখনৰ উন্মোচন কৰে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেটত ৫ কোটি টকা ধাৰ্য কৰিছে আৰু লগতে ১৯০৫ লাখ টকা ১০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে পৰিপূৰক চাহিদাৰ যোগেদি ধাৰ্য্য কৰি থোৱা হৈছে।