মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

অসমৰ অত্যাাৱশ্যকীয় সামগ্ৰীসমূহৰ দামৰ চো‌ৱা-চিতা কৰা

অসমৰ অত্য‌ৱশ্যকীয় সামগ্ৰীসমূহৰ দামৰ চো‌ৱা-চিতা কৰাৰ বাবে তলৰ পদক্ষেপসমূহ লো‌ৱা হয় :

  • খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জিলা পৰ্যায় বা মহকুমা পৰ্যায়ৰ বিষয়াসকলে অত্যা‌ৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যৰ চো‌ৱা-চিতা কৰে ।
  • তেওঁলোকে ডীলাৰ/বিক্ৰোতাসমূহৰ লগতে পাইকাৰী দোকানীসকলৰ ক্ৰয়ৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰে আৰু খুচুৰা বিক্ৰীৰ মূল্যও নিৰীক্ষণ কৰে । এই সঞ্চালকালয়ে সকলো জিলা উপায়ুক্ত বা মহকুমাধিপতিক বজাৰলৈ গৈ মূল্যবৃদ্ধিৰ হাৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে । আৰু এইক্ষেত্ৰত নিৰবিচ্ছিন্ন ভাৱে উপযুক্ত আৰু মহকুমাধিপতিয়ে ব্যৱস্থা গ্ৰহণ কৰি থাকে|
  • পাইকাৰী মূল্য আৰু খুচুৰা মূল্যৰ স‌ৱিশেষ প্ৰতিবেদন দৈনিকভা‌ৱে ক্ষেত্ৰ পৰ্যায়ৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলে জিলা উপায়ুক্ত বা মহকুমাধিপতিক দিয়ে ।
  • সংশ্লিষ্ট জিলা উপায়ুক্ত বা মহকুমাধিপতিৰ কাৰ্যালয়ৰপৰা প্ৰতিবেদনসমূহ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালকলৈ ই-মেইলযোগে বেতাৰবাৰ্তা যোগ প্ৰেৰণ কৰা হয় ।
  • এই সঞ্চালকালয়ৰ নিৰীক্ষণ গোটে মূল্যসমূহ নিৰীক্ষণ কৰে আৰু এটি সামগ্ৰিক প্ৰতিবেদন যুগুত কৰে যিটো নতুন দিল্লীস্থিত Ministry of Consumer affairs Food and Public Distributionৰ বিত্তীয় উপদেষ্টালৈ অনলাইনযোগে পঠো‌ৱা হয় । এই প্ৰতিবেদনটো ৰাজ্য চৰকাৰলৈ ইমেইলযোগে দৈনিক যোগান ধৰা হয় । আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰদামৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হয়|
  • প্ৰতিবেদনটো স্থানীয় বাতৰি কাকততো দৈনিকভা‌ৱে প্ৰকাশিত হয় ।