মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

প্ৰস্তা‌ৱিত ৰাজহু‌ৱা বিতৰণ ব্য‌ৱস্থা

প্ৰস্তা‌ৱিত ১৯.০৬ লাখ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে হিতাধিকাৰী নিৰ্বাচিত কৰি আৰু F.I. কাৰ্ডসমূহ বিতৰণ কৰি আৰু লগতে হিতাধিকাৰীসকলক PDSৰ সামগ্ৰীসমূহ ৰেহাই মূল্যত যোগান ধৰি ৰাজ্যখনে ইতিমধ্যে লক্ষ্যত উপনীত হৈছে । উল্লেখযোগ্য যে এই ১৯.০৬ লাখ নিৰ্বাচিত হিতাধিকাৰীৰ ভিতৰত ১২.০২ লাখ হিতাধিকাৰীই PDS ৰ সুবিধাসমূহ দৰিদ্ৰ সমীমাৰেখাৰ তলৰ বাসিন্দা হিচাপে আৰু আৰু বাকী থকা ৭.০৪ লাখ হিতাধিকাৰীসমূহে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি থকা AAY বিভাগৰ পৰিয়ালক সামৰি লো‌ৱা হৈছে । তলৰ আঁচনিসমূহ ৰাজহু‌ৱা বিতৰণ ব্য‌ৱস্থাৰ বাবে ধাৰ্য্য কৰা হৈছে-

১) অন্ত্যোদয়া অন্ন যোজনা (AAY):

ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসাৰে এই আঁচনিখন আমাৰ ৰাজ্যখনত ২০০১ চনৰ ন‌ৱেম্বৰ মাহৰপৰা কাৰ্যকৰী হৈ আছে । এই যোজনাৰ বাবে প্ৰস্তা‌ৱিত ৭.০৪ লাখ হিতাধিকাৰীৰ ভিতৰত ৰাজ্যখনে ইতিমধ্যে ৭.০৪ লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক AAY পৰ্যায়লৈ নিৰ্বাচিত কৰিছে । এনে নিৰ্বাচিত AAY হিতাধিকাৰীসকলক প্ৰতি মাহে ৩ টকা প্ৰতি কিলোগ্ৰাম মূল্যৰ অতি বেছি ৰাজসাহাৰ্য থকা চাউল প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ দিয়া হয় । PDS নমিনীসকলক AAY চাউল FCIৰ সংশ্লিষ্ট FSDৰপৰা খুচুৰা দোকান যেনে GPSS, WCCS , বা সুলভ মূল্যৰ দোকানসমূহলৈ নিয়াৰ বাবে পৰিবহন ব্যয় ৩০ টকা প্ৰতি কুইন্টলকৈ ৰাজ্য চৰকাৰে অপৰিকল্পিত আঁচনিৰ অধীনত আদায় দিয়ে|

২) মুখ্য মন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনা (MMASY):

প্ৰতিটো হিতাধিকাৰী পৰিয়ালক এখন FICৰ বাবে ৬টকা প্ৰতিকেজি দৰত ২০ কেজিকৈ চাউল দিবৰ বাবে এই আঁচনিখনৰ পৰিকল্পনা কৰা হৈছিল । এই আঁচনিখন অসমৰ মুখ্যমন্ত্ৰীয়ে গু‌ৱাহাটীৰ ৰবীন্দ্ৰ ভ‌ৱনত ২০১০ চনৰ ২ অক্টোবৰ তাৰিখে শুভাৰম্ভ কৰিছিল । এই আচনিৰ জৰিয়তে ২০ লাখ হিতাধিকাৰীই সুবিধা লাভ কৰিছিল । প্ৰথমতে প্ৰতি বিধানসভা সমষ্টিত ১০,০০০ পৰিয়ালক নিৰ্দেশিত নিৰ্বাচন সমিতিয়ে উপায়ুক্ত অথবা প্ৰধান স্চিবৰ তত্বা‌ৱধানত হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰিছিল । পাছত এই লক্ষ্য প্ৰতি বিধানসভা সমষ্টিত ১৫০০০ জনলৈ বৃদ্ধি কৰা হয় । এই আঁচনিৰ দ্বিতীয় পৰ্যায়ে চৰ অঞ্চল, খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল, চাহ জনজাতিপূৰ্ণ অঞ্চল আৰু আন্ত:ৰাষ্ট্ৰীয় বা আন্ত:ৰাজ্যিক সীমান্ত‌ৱৰ্তী অঞ্চলসমূহকো সামৰি লয় । অৱতশ্যে, বৰ্তমান NFSA, ২০১৩ অধিনত বেছিভাগ MMASY পৰিয়ালক সামৰি লো‌ৱা বাবে, MMASYৰ বিতৰণ ২০১৫ৰ অক্টোবৰৰপৰা কোনো নিৰ্দেশ নোপো‌ৱা পৰ্যন্ত স্থগিত ৰখা হৈছে ।

৩) NFSA,১৩ৰ অন্তৰ্গত আঁচনিসমূহ:

অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন,১৩ ডিচেম্বৰ,২০১৫ ৰ পৰা ৰূপায়ন কৰা হৈছে আৰু ইয়াৰ অধীনত ৰাজ্যখনৰ ৮৪.১৭% গ্ৰাম্য জনসংখ্যা আৰু ৬০.৩৫% চহৰৰ জনসংখ্যাক (২০১১ৰ লোকপিয়ল মতে) ৰাজসাহাৰ্য্যকৃত ৩ টকা প্ৰতিকেজি দৰৰ চাউল বিতৰণৰ বাবে সামৰি লো‌ৱা হৈছে । এই আঁচনিৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা হেছে ২.৫২ কোটি । NFSA,১৩ৰ অধীনত দুই ধৰনৰ হিতাধিকাৰী আছে :

  • অন্তোদয়া অন্ন যোযনা (AAY) হিতাধিকাৰীসমূহক প্ৰতি মাহত ৩৫ কেজিকৈ ৩ টকা প্ৰতি কেজি দৰত চাউল দিয়া হয় ।
  • অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰী (PHH) য'ত প্ৰতিগৰাকী সদস্যৰ নামত প্ৰতি মাহত ৩টকা প্ৰতিকেজি দৰত ৫ কেজিকৈ চাউল দিয়া হয় ।
 

ভাৰত চৰকাৰৰ নিৰ্দেশনামতে ২০০১ বৰ্ষৰ ন‌ৱেম্বৰ মাহৰ পৰা অন্তোদয়া অন্ন যোজনা ৰাজ্যখনত চলি আছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে ৰাজ্যখনত ৭.০৪ লাখ অন্তোদয়া অন্ন যোযনা (AAY) পৰিয়াল আছে আৰু এই সকলোখিনি পৰিয়াল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত সামৰি লো‌ৱা হৈছে আৰু তেওঁলোকক ৰাজসাহাৰ্য্যযুক্ত ৩ টকীয়া চাউল প্ৰতিমাহে ৩৫ কেজিকৈ দিয়া হৈছে ।

অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰীসমূহক পুৰ্ব্বৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিনৰ BPL, APL, MMASY কাৰ্ডৰ সকলো অৰ্হতাসম্পন্ন পৰিয়ালক সামৰি লো‌ৱা হৈছে| নতুন আবেদনকাৰীসকলকো অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰী হিচাপে গণ্য কৰা হৈছে । অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰীসকলক প্ৰতিগৰাকী সদস্যৰ নামত ৩টকা প্ৰতিকেজি দৰত ৫ কেজিকৈ চাউল দিয়া হয় । উপৰোক্ত সকলোৰে বাবে পৰিবহনৰ খৰছ আৰু কমিছন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বহন কৰে ।

৪) কেৰাচিন তেল বিতৰণ:

বৰ্তমান ভাৰত চৰকাৰে অসম চৰকাৰক এপ্ৰিল, মে, জুন, ২০১৭ ত ৬১৪৬৪ কিলোমিটাৰ, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, ২০১৭ ত ৬১৪৬৪ কিলোমিটাৰ কেৰাচিন তেল আবন্টন দিছে আৰু ইয়াৰ বিতৰণ প্ৰক্ৰিয়া চলি আছে |

৫) ঘেহুঁ:

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ ৰুপায়ন হোৱাৰ পাছত ২০১৫ চনৰ ডিচেম্বৰ মাহৰপৰা ভাৰত চৰকাৰে ৮২৭২ মেট্ৰিক টন ঘেহু প্ৰতি মাহে লেখ অনুযায়ী যোগান ধৰিছে । বৰ্তমান প্ৰতিমাহে ৫৭৮১ মেট্ৰিকটন Tide over wheat অসম চৰকাৰক প্ৰদান কৰি আছে ইয়াৰ বিতৰণ ব্যৱস্থা চলি আছে|