আমাৰ দোকান এটা অসমীয়া শব্দৰ সৈতে নামাকৰণ কৰা সুলভ মূল্য ৰাইজক উচিত মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হয় আৰু লগতে ৰাজ্য চৰকাৰৰ একান্ত প্ৰচেষ্টাত বিতৰণ ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ সুবিদাৰ্থে আন কেতবোৰ খাদ্য সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰা হয়। ২০১১ চনৰ পৰা ৰাজ্যৰ প্ৰায়বোৰ জিলাতে এই আমাৰ দোকানৰ দ্বাৰা এই বিতৰণ ব্যৱস্থা কাৰ্যকৰী কৰি অহা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত সাধাৰণ মানুহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বজাৰৰ তুলনাত অত্যন্ত কম মূল্যৰ বিনিময়ত বিক্ৰী কৰা হয়। পিয়াজ, আলু, সৰিয়হ তেল,ৰিফাইন তেল, চয়া তেল, দাইল, আটা, চুজি,মইডা, চাবোন,গাখীৰ,টুথপেষ্ট,টুথব্ৰাছ,চুলিত ঘহা তেল আদিকে ধৰি প্ৰায় বাইশ (২২) বিধ সামগ্ৰী অতি কম মূল্যত আমাৰ দোকানৰ জৰিয়তে বিক্ৰীৰ বৱ্যস্থা কৰা হয়|
| ক্ৰমাংক | জিলা | মহকুমা | আমাৰ দোকানৰ সংখ্যা | জিলাৰ মুঠ |
|---|---|---|---|---|
| ১. | ধুবুৰী | ধুবুৰী | 254 | |
| বিলাসীপাৰা | 65 | |||
| হাতচিঙিমাৰী | ০ | |||
| গোসাইগাওঁ (N.BTC) | ০ | |||
| ২. | কোকৰাঝাৰ | কোকৰাঝাৰ | 64 | |
| ৩. | গোৱালপাৰা | গোৱালপাৰা | 137 | |
| ৪. | বঙাইগাওঁ | বঙাইগাওঁ | 272 | |
| ৫. | চিৰাং | চিৰাং | 72 | |
| দক্ষিণ শালমাৰা | ০ | |||
| ৬. | বৰপেটা | বৰপেটা | 195 | |
| বজালী | ||||
| ৭. | বাক্সা | শালমাৰা | 85 | |
| ৮. | নলবাৰী | নলবাৰী | 198 | |
| ৯. | কামৰূপ(মেট্ৰো) | কামৰূপ(মেট্ৰো) | 284 | |
| ১০. | কামৰূপ(ৰুৰেল) | কামৰূপ(ৰুৰেল) | 136 | |
| ১১. | দৰং | মঙলদৈ | 70 | |
| ১২. | উদালগুৰি | উদালগুৰি | 66 | |
| ১৩. | শোণিতপুৰ | তেজপুৰ | 370 | |
| ১৪. | নগাওঁ | নগাওঁ | 303 | |
| ১৫. | মৰিগাওঁ | মৰিগাওঁ | 120 | |
| ১৬. | কাৰ্বি আংলং | ডিফু | 100 | |
| ১৭. | লক্ষিমপুৰ | নৰ্থ লক্ষিমপুৰ | 432 | |
| ১৮. | ধেমাজী | ধেমাজী | 171 | |
| ১৯. | গোলাঘাট | গোলাঘাট | 383 | |
| ২০. | যোৰহাট | যোৰহাট | 295 | |
| ২১. | শিৱসাগৰ | শিৱসাগৰ | 442 | |
| ২২. | তিনিচুকীয়া | তিনিচুকীয়া | 244 | |
| ২৩. | ডিব্ৰুগড় | ডিব্ৰুগড় | 401 | |
| ২৪. | কাছাৰ | 253 | ||
| ২৫. | হাইলাকান্দি | হাইলাকান্দি | 130 | |
| ২৬. | কৰিমগঞ্জ | কৰিমগঞ্জ | 61 | |
| ২৭. | ডিমা হাচাও | 20 | ||
| মুঠ |