মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ভ্ৰাম্যমান আমাৰ দোকান [নতুন প্ৰকল্প]

অৱলোকনঃ

খাদ্য সামগ্ৰী কম দাম আৰু উচিত মূল্যত গ্ৰাহকক প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ আৰু সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ভ্ৰাম্যমান আমাৰ দোকান আঁচনি গ্ৰহন কৰিছে আৰু প্ৰতিখন জিলাতে ৬ জনকৈ হিতাধিকাৰী নিযুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে | খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে প্ৰতিখন জিলাৰ জিলাধিপতিলৈ হিতাধিকাৰী বাচনিৰ বাবে নিৰ্দেশ জাৰি কৰিছে |

এই আঁচনিৰ মতে পৰিৱেশ অনুকুল ই-ৰিক্সা পৰিৱহনৰ বাবে ব্যৱহাৰ কৰা হ'ব। এই আঁচনিৰ যোগেদি চৰকাৰে নগনবিহীন লেনদেনৰ অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে ই-ৰিক্সা সমূহত GPS সংলগ্ন স্মাৰ্টফোনৰ ব্যৱস্থা কৰিছে লগতে ব্লু-টুথ বিলিং প্ৰিন্টাৰৰো ব্যৱস্থা কৰিছে যিটো স্মাৰ্ট ফোনৰ সৈতে সংলগ্ন হৈ থাকিব। এই ভ্ৰাম্যমান আমাৰ দোকান আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে মধ্যভূগীৰ পৰা আঁতৰাই আনি অত্যৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা। এই আঁচনিখনৰ যোগেদি গ্ৰাহকে তেওঁলোকৰ দৈনিক ব্যৱহৃত আৰু অত্যৱশ্যকীয় সামগ্ৰী সমুহক উচিত মূল্যৰ বিনিময়ত ঘৰতে পাব পৰা কৰি তোলাৰ লগতে নিৱনুৱা সমস্যা সামাধানৰো পথ মুকলি কৰা । প্ৰতিখন ভ্ৰাম্যমান আমাৰ দোকানৰ বাবে ৫০,০০০ কৈ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব পৰাকৈ বৰ্তমানৰ বাজেটত সৰ্বমুঠ ১০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।

বৰ্তমানৰ স্থিতিঃ

আদৰ্শ প্ৰকল্পটো ২২ ফেব্ৰুৱাৰী ২০১৭ ত গুৱাহাটীত নিৰ্ধাৰিত কিছুমান অঞ্চলত ৭ খন ভ্ৰাম্যমান আমাৰ দোকান নৱোদয়, অসমৰ দ্বাৰা উন্মোচন কৰা হৈছিল। ভ্ৰাম্যমান আমাৰ দোকানৰ নিৰ্দেশাৱলী ইতিমধ্যেই সাজু কৰা হৈছে আৰু নৱোদয়, অসম আৰু খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকৰ মাজত খচৰা চুক্তি সম্পাদন হোৱাৰ পিছতে এই নিৰ্দেশাৱলী সমুহ পালন কৰা হ'ব| আদৰ্শ প্ৰকল্পটোৰ ওপৰত নৱোদয়, অসমে ইতিমধ্য প্ৰৰ্থমিক খতিয়ান দাখিল কৰিছে আৰু প্ৰকল্পটোৰ বাবে অনুমোদন বিচাৰিছিল। নৱোদয়, অসমে তেওঁলোকৰ খতিয়ানত দাবী কৰিছে যে প্ৰতিখন ভ্ৰাম্যমান আমাৰ দোকান বিপৰীতে দৈনিক ৫০০০ টকাৰ সামগ্ৰী বিক্ৰী হৈছে।